Sunday, May 3, 2020

পিতাৰ_পুতেকলৈ_ উপদেশ....

✍️এজন_পিতাৰ_পুতেকলৈ_
উপদেশ....
১। কেতিয়াও কাকো সংকীৰ্ণ নজৰত নেচাবা। নহ'লে নিজেই সংকীৰ্ণ হৈ যাবা।

২। জোতা চিলাই কৰালে ভৰিখন আগবঢ়াই নিদিবা, বৰং জোতা নিজেই খুলি ও মছি দিবা। জোতা কিনিবলৈ গ'লে নিজেই ট্রাইল দিবা।
৩। কেতিয়াও কামলা,বনুৱা, দিন মজুৰি কৰা লোক, ঠেলাৱালা,ৰিক্সাৱালা, কামৰ বাই,বনকৰা বাই বা বনকৰা মাহি আদি বুলি নামাতিবা, মনত ৰাখিবা সিহঁতেও কাৰোবাৰ নহয় কাৰোবাৰ ভাই-ককাই, ভন্টি-বাইদেউ, মা-মাহী, দেউতা-খুৰা, জেঠা-জেঠী। অন্ততঃ কিবা এটা সম্বোধন কৰি মাতিবা! 
৪। পঢ়া-শুনা কৰি জীৱন উন্নত কৰা, কিন্তু কাৰো কান্ধত ভৰি ৰাখি,আনক অন্যায় কৰি ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা।

৫। কাৰোবাক সাহাৰ্য কৰি পিছফালে ঘূৰি নেচাবা, সেইজনে লাজ পাব পাৰে!
'দান' দিলে এনেদৰে দিবা
সোঁহাতে দিলে বাওঁহাতে যাতে নেজানে বা গম নাপায়।

৬। সদায় কেৱল দিয়াৰ চেষ্টা কৰিবা, মনত ৰাখিবা প্ৰদানকাৰীৰ হাত সদায় ওপৰতেই থাকে! 

৭। এনেকুৱা একোৱেই নকৰিবা যাৰ বাবে তোমাৰ ও তোমাৰ পৰিয়ালৰ ওপৰত আঙুলি উঠে!

৮। ল'ৰা হিচাবে জন্ম লৈছা, দায়িত্ব এৰাই নাযাবা।

৯। তোমাৰ কি আছে তোমাৰ গাত লিখাহৈ থকা নাই, কিন্তু তোমাৰ ব্যৱহাৰেই তোমাৰ পৰিচয়, মনত ৰাখিবা।

১০। কেতিয়াও 'মা'ৰাৰ কথা শুনি স্ত্ৰীক আৰু 'স্ত্ৰী'ৰ কথা শুনি মা'ৰাক বিচাৰৰ কাঠগঢ়াত থিয় নকৰাবা! যিহেতু কাকো পেলাই দিব নোৱাৰা বা পেলাই দিবপৰা নাযায়!

১১। যেতিয়া পথেৰে খোজকাঢ়িবা চাই চিতি যাবা, যাতে তোমাৰ কাৰণে কোনোবাই পৰি নাযায় বা আঘাত নাপায়!

১২। কাৰোবাৰ ঘৰত নিমন্ত্ৰণ পালেওঁ ঘৰত এমুঠি খাই যাবা। কাৰণ, যাতে কাৰো ঘৰৰ ভাতৰ অপেক্ষাত থাকিব লগা নহয়! 

১৩। অইনৰ ঘৰৰ খাদ্যক লৈ সমালোচনা নকৰিবা, কিয়নো কোনেও নিজৰ ঘৰৰ খাদ্য সোৱাদহীন কৰাৰ চেষ্টা নকৰে! 

১৪। জেষ্ঠ জনৰ মাজত তোমাৰ চেয়াৰ/চকীখন বিবেচিত নহয়, বিবেচিত কৰা আছে সৰু/কণিষ্ঠ সকলৰ মাজত, মনত ৰাখিবা। 

১৫। ডাঙৰ নহয়, মানুহ হ'বৰ চেষ্টা কৰিবা। তেতিয়াহে ডাঙৰ হ'বা।

১৬। শহুৰ কিংবা শাহুৱেকক ইমানেই সম্মান দিবা যাতে তেওঁলোকৰ ছোৱালীক তোমাৰ ঘৰলৈ পঠাবৰ বাবে সদায় উতলা/নিচিন্ত/ভৰি দাঙি থাকে।

১৭। বাইক কেতিয়াও দ্ৰুত বেগত নচলাবা, তাৰবাবে তোমাৰ কলিজাৰ কঁপনি বৃদ্ধি নাপালেও ৰাস্তাৰ কাষত থকা মানুহজনৰ কঁপনি বৃদ্ধি পাব পাৰে আৰু মনত ৰাখিবা,- এনে কাৰ্য্যত পিতা-মাতা, স্ত্ৰী ও শাহুৱেকৰ কলিজাৰ কঁপনি সদায় তোমাৰ বাবে বৃদ্ধি পায়েই থাকে!

১৮। ক'ৰবালৈ যোৱাৰ আগতে জীৱিত পিতা-মাতাক জনাই যোৱাৰ উপৰিও সেৱা এটি জনাই যোৱাৰ কিঞ্চিৎ চেষ্টা এটা কৰিবা, কাৰণ তোমাক দেখা নাপালে অন্ততঃ মাকে বোৱাৰীক সোধপোছ কৰি আমনিও দিব পাৰে, কাৰণ তুমি তেওঁলোকৰ কলিজাৰ টুকুৰা! যিমান ৰাতিয়েই নহওঁক কিয়, ঘৰলৈ আহি প্ৰথমে তুমি ভালে ভালে আহি পোৱাৰ খবৰটো দিবলৈ চেষ্টা কৰিবা। কাৰণ তেওঁলোক তোমাৰ অপেক্ষাত আছে, যদিওবা তুমি প্ৰাপ্তবয়ষ্ক!

১৯। পিতা-মাতাক ফাকি নিদিয়াই উত্তম! তেওঁলোক অভিজ্ঞ, তোমাৰ এই বয়স টো পিতাই কেতিয়াবাই অতিক্ৰম কৰি আহিলে, কাৰণ এসময়ত তোমাৰ পিতাইও কাৰোবাৰ ল'ৰা আছিল।
Copy: (আনোৱাৰ এইচ সোনাৰ)০৩-০৫-২০২০,।

No comments:

Post a Comment