Thursday, June 18, 2020

Quraisi article on Grave punishment

Sourse link: https://m.facebook.com/story.php?story_fbid=3096135507167077&id=100003119744326
.
ধৰ্মৰ কিছু বিষয়ৰ ওপৰত বিতৰ্ক হোৱাটো নতুন নহয়। প্ৰত্যেকেই নিজৰ নিজৰ বিশ্বাস আৰু মতাদৰ্শ অনুযায়ী ধৰ্মীয় বিষয় সমূহ গ্ৰহণ কৰে। কেতিয়াবা আকৌ সঠিক বিষয়ত অজানিতে ভ্ৰান্তিত লিপ্ত হয়।
ইছলামত মৃত্যুৰ পিছত কবৰত মৃতকৰ ৰূহ বা আত্মাৰ ওপৰত মানুহৰ কৰ্মভেদে সুখ শান্তিৰ বিষয়টো পৱিত্ৰ কুৰআন আৰু হাদীছৰ দ্বাৰা প্ৰমাণিত। কিন্তু মাজে সময়ে একাংশ লোকৰ দ্বাৰা এই বিষয়ে কিছু প্ৰশ্ন উত্থাপিত হোৱা দেখা যায়। এই বিষয়ে আজি গণ অধিকাৰ কাকতত প্ৰকাশিত মোৰ লেখাটো ফেচবুকৰ পাঠক তথা বন্ধুবৰ্গলৈ আগবঢ়োৱা হল। বিতৰ্ক খৰচি মাৰি পঢ়ি সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ আপোনাৰ।

(কিছু পাঠকে ফটোত পঢ়িবলৈ অসুবিধা হোৱা বুলি কৈছে সেয়ে সম্পূৰ্ণ লেখাটো তুলি ধৰা হৈছে __)

কবৰৰ শাস্তি সম্পৰ্কে ভ্ৰান্তি আৰু ইয়াৰ সদুত্তৰ

                          ____মৌলানা নুৰুল আমিন কাছিমী
    
যোৱা ২৯ মে'ৰ "দৈনিক গণ অধিকাৰ "ৰ ধৰ্ম দৰ্শন শিতানত মুছাৰফ হুছেইন নামৰ এজন লেখকে কবৰৰ আজাব সত্য নে কাল্পনিক শিৰোনামৰে লিখা প্ৰবন্ধটোত আমি কে'বাটাও গুৰুত্বপূৰ্ণ কাৰণত একমত হ'ব নোৱাৰিলো। তেখেতে মৌখিক যুক্তিৰে প্ৰতিপন্ন কৰিব খুজিছে যে ইছলাম ধৰ্মৰ গ্ৰন্থ পৱিত্ৰ কোৰআনত কবৰৰ আজাব সম্পৰ্কে কোনো উল্লেখ যিহেতু নাই, গতিকে এয়া এক ভিত্তিহীন কথাহে মাথোন। এয়া তেখেতৰ কোৰআন তথা ইছলাম অধ্যয়নৰ দৈন্যতা বুলিয়েই আমি কব বিচাৰিম।
প্ৰথম কথা, লেখকে ইছলাম ধৰ্মৰ সকলো কথা কেৱল কোৰআনতে আছে বুলি ভাৱিছে। সেইটোৱেই তেওঁৰ মূল ভ্ৰান্তি। ইয়াৰ পূৰ্বেও জনৈক খবিৰুদ্দিন আহমেদ নামৰ এজন ব্যক্তিয়েও কবৰৰ আজাব সত্য নহয় বুলি দৈনিক অগ্ৰদূত কাকতত লেখিছিল। তেওঁৰো ভ্ৰান্তি আমি উক্ত কাকতখনৰ দ্বাৰাই ভংগ কৰিছিলো। এই বিষয়টো যিহেতু এক বিশেষ মতাদৰ্শৰ লোকৰ দ্বাৰাই উত্থাপিত হৈ থাকে। গতিকে এই লেখনিত আমি কবৰৰ আজাব সম্পৰ্কে পূৰ্বৰ আৰু বৰ্তমানৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ।

ইছলামৰ মৌলিক বিশ্বাসসমূহৰ ভিতৰত মৃত্যুৰ পাছত একাংশ মানুহৰ ওপৰত কবৰৰ আজাব হোৱাৰ বিষয়টো ইছলামৰ অপৰিহাৰ্য্য বিশ্বাস্য বিষয় ।একাধিক কোৰআনৰ আয়াত তথা নিৰ্ভৰযোগ্য হাদীছৰ দ্বাৰা কবৰৰ আজাবৰ সত্যতা প্ৰমাণিত হৈছে। হুছেইনে যিহেতু কোৰআনত উল্লেখ নাই বুলি ইয়াক নস্যাৎ কৰিছে। আমি কোৰআনৰ পৰাও ইয়াক প্ৰমাণ কৰিম। তাৰ আগতে বুখাৰী শ্বৰীফৰ পৰা এটা নিৰ্ভৰযোগ্য হাদীছ লৈ লওঁ।
ইমাম বুখাৰী ৰঃ এ. নিজৰ ছহীহ বুখাৰীত "আজাবুল কবৰ" নামৰ এটা অধ্যায় প্ৰতিষ্ঠা কৰি হাদীছ বৰ্ণনা কৰিছে যে,  হজৰত আনাচ ৰাঃ ৰ পৰা বৰ্ণিত  আছে যে ৰাছুলুল্লাহ ছঃ এ কৈছে - বান্দাক যেতিয়া কবৰত ৰখা হয় আৰু তাৰ লগৰ মানুহবোৰ তেওঁৰ (কবৰৰ ওচৰৰ) পৰা আঁতৰি যায়, তেওঁ সেইসকলৰ জুতাৰ শব্দ শুনা পায়। তেতিয়া দুজন ফিৰিস্তা আহে আৰু তেওঁক সোধে - তুমি সেই মানুহজন অৰ্থাৎ মোহাম্মদৰ বিষয়ে কি কৈছিলা?
যদি তেওঁ মুছলমান হয় তেতিয়া কয় - মই সাক্ষী দিছোঁ যে তেওঁ আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। তেতিয়া তেওঁক কোৱা হয়, তোমাৰ স্থান দোজখত আছিল কিন্তু আল্লাহে ইয়াৰ বাবে তোমাৰ স্থান জান্নাতত প্ৰদান কৰিছে। তেওঁ জান্নাত আৰু দোজখ উভয়কে প্ৰত্যক্ষ কৰে। তাৰ পাছত উল্লেখ কৰা হৈছে -যদি মৃত ব্যক্তি মুনাফিক বা কাফিৰ হয় তেন্তে তেওঁক কোৱা হয় - তুমি সেই ব্যক্তিজনৰ বিষয়ে কি কৈছিলা? তেতিয়া তেওঁ কয়-মই এই বিষয়ে একো নাজানোঁ। মানুহে যি কৈছিল ময়ো তাকে কৈছিলোঁ। তেতিয়া তেওঁক কোৱা হ'ব তুমি একো জনা বা পঢ়া নাছিলানে? আৰু তেওঁক প্ৰহাৰ কৰা হ'ব লোহাৰ হাতুৰীৰে। তেওঁ চিঞৰিব। সেই চিঞৰ "চাকলাইন" (মানৱ আৰু জিন)ৰ বাহিৰে সকলো জীৱ-জন্তুয়ে শুনা পাব।
(বুখাৰী পৃঃ ১৮৪ মূল গ্ৰন্থ আৰবী)
এই একেটা বিষয়বস্তুকে মুছলিম শ্বৰীফৰ পৰা তুলি ধৰি হাদীছটোত থকা ৱহী শব্দটোক লৈ (যিহেতু সেইটো ওপৰত উল্লিখিত বুখাৰী শ্বৰীফৰ হাদীটোত নাই) সেয়েহে হাদীছ দুটিৰ ভিন্নতাক লৈ খবিৰুদ্দিন আহমেদ নামৰ ব্যক্তিজনে কবৰৰ আজাবৰ সত্যতাক নস্যাৎ কৰাৰ প্ৰচেষ্টা কৰিছিল ।
এতিয়া যদি ছহীহ বোখাৰীৰ এই হাদীছ বোৰ ইছলাম ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসৰ অংশ নহয় বুলি কোনোবাই কয় তেন্তে সেয়া তেওঁৰ ব্যক্তিগত কথা।

এই কথা কাৰো অবিদিত নহয় যে ৱহী দুই প্ৰকাৰৰ
১)ৱহী এ মতলু অৰ্থাৎ যি ৱহী বা ঐশ্বীবাণী ৰাছুলুল্লাহ ছঃ ৰ ওপৰত প্ৰত্যক্ষভাৱে পঠিত হৈছে।
২)ৱহী এ গায়ৰ মতলু অৰ্থাৎ যিবোৰ ৱহী  বা ঐশ্বীবাণী ৰাছুলুল্লাহ ছঃ ৰ ওপৰত প্ৰত্যক্ষভাৱে পঠিত হোৱা নাই বৰঞ্চ তেওঁৰ অন্তৰত প্ৰেৰণ কৰা হৈছে।
ইয়াৰ প্ৰথম বিধ কোৰআন আৰু দ্বিতীয় বিধ ছুন্নত বা হাদীছৰ ৰূপত সংৰক্ষিত।
কোৰআন পাকত এই বিষয়ে আল্লাহ তাআ'লাই কৈছে - তেওঁ নিজৰ ইচ্ছামতে একোকে নকয়, নিশ্চয় এয়া ৱহী যিবোৰ তেওঁৰ ওপৰত প্ৰত্যাদেশিত  কৰা হয় (চূৰা নজম)
বুজা গল হাদীছসমূহো ৰাছুলুল্লাহ ছঃ এ
ৱহীপ্ৰাপ্ত হৈহে মানুহৰ ওচৰত বৰ্ণনা কৰে। থাকিল মুছলিমত  বৰ্ণিত হাদীছৰ উক্ত ৱহী শব্দটো বুখাৰীয়ে বৰ্ণনা কৰা হাদীছটিত নাই কিয়? তাৰ উত্তৰ হ'ল এয়া ৰাৱী বা বৰ্ণনাকাৰীৰ বৰ্ণনাৰ ভিন্নতা। এই ক্ষেত্ৰত হাদীছৰ ৰীতি হ'ল-একেটা বিষয়ৰ সমৰ্থিত হাদীছ যদি অন্য ৰাৱীৰ দ্বাৰা বৰ্ণিত হয় তেন্তে তেনেধৰণৰ হাদীছ গ্ৰহণযোগ্য হয় ।গতিকে এটা শব্দ উল্লিখিত হোৱা-নোহোৱাৰ দ্বাৰা ৰাছুলুল্লাহৰ উক্ত সমস্ত বাণী মিছা বুলি কোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে।
কোৰআনত কবৰৰ আজাবৰ দলিল শ্বৰীয়তৰ ভিত্তি চাৰিটা বস্তুৰ ওপৰত প্ৰতিষ্ঠিত।
১)কোৰআন।
২)ছুন্নাহ অৰ্থাৎ আহাদীছ ।
৩)ইজমা আৰু
৪)কিয়াছ
একাংশ মুছলমানে ইজমা আৰু চুন্নাহ শ্বৰীয়তৰ ভেটি হোৱাৰ ক্ষেত্ৰত কাৰো মতভেদ নাই। ওপৰত আমি কবৰৰ আজাব সত্য হোৱা সন্দৰ্ভত দুটি চুন্নাহ অৰ্থাৎ নিৰ্ভৰযোগ্য হাদীছ দাঙি ধৰিলোঁ। ইয়াৰ পৰা কবৰৰ আজাব সন্দৰ্ভত কোৰআনৰ আয়াত উল্লেখ কৰা হ'ব ইনশ্বাআল্লাহ।
পৱিত্ৰ কোৰআনৰ চূৰা মু'মিন আয়াত নম্বৰ ৪৬ ত আল্লাহ তাআ'লাই ফেৰাউনৰ বংশধৰৰ শাস্তিৰ কথা উল্লেখ কৰি কৈছে - "আন্নাৰু ইউ ৰাজুনা আলাইহা গ্বুদুওৱাওঁ ৱা আ'শ্বিয়া" সেইসকলক জুইৰ দ্বাৰা শাস্তি প্ৰদান কৰা হ'ব পুৱা আৰু গধূলি আৰু যিদিনা কিয়ামত সংঘটিত হব। সেইদিনা ফেৰাউনৰ বংশধৰ সকলক কঠিন আজাবত প্ৰৱেশ কৰোৱা হ'ব।
এই আয়াতত পুৱা আৰু গধূলিৰ অৰ্থ হ'ল মানুহৰ মৃত্যুৰ পাছৰ জীৱন অৰ্থাৎ আলমে বৰজখৰ পুৱা আৰু গধূলি। যিহেতু কিয়ামতৰ শাস্তিৰ কথাটো পৃথকভাৱে উল্লেখ কৰিছে। আয়াতৰ অৰ্থ হল ফেৰাউনৰ বংশধৰ সকলক কবৰত পুৱা গধূলি শাস্তি দিয়া হব। তদুপৰি যিদিনা কিয়ামত সংঘটিত হব সেইদিনা ফিৰিস্তা সকলক কোৱা হব সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰা। ইমাম বুখাৰী ৰঃ এ এওঁ নিজৰ গ্ৰন্থত কবৰৰ আজাব বিষয়ক অধ্যায় আৰম্ভ কৰি এই বিষয়টোৰ দলিল স্বৰূপে এই আয়াতটো উল্লেখ কৰিছে।
কোৰআনৰ আন এঠাইত আল্লাহ তাআ'লাই কৈছে আমি সিহঁতক দুইবাৰ শাস্তি বিহিম, আকৌ সিঁহতক ডাঙৰ শাস্তিত লিপ্ত কৰোৱা হ'ব (চূৰা তৌবাহ, আয়াত ১০১)তফ্ছিৰকাৰ ত্ববাৰী ৰঃ এ দুইবাৰ শব্দৰ ব্যাখ্যা সন্দৰ্ভত লিখিছে ইয়াৰ অৰ্থ হৈছে দুনিয়াত প্ৰদান কৰা বিভিন্ন শাস্তি আৰু কবৰৰ শাস্তি। যিহেতু কিয়ামতৰ শাস্তিৰ বিষয়ে পৃথকভাৱে পুনৰ উল্লেখ কৰা হৈছে (হাশ্বিয়া আল বুখাৰী পৃঃ ১৮৩)
ইমাম বুখাৰী ৰঃ এ উক্ত আয়াতসমূহ এই অধ্যায়ৰ আৰম্ভণিতে উল্লেখ কৰি এইবোৰ কবৰৰ আজাব সন্দৰ্ভত অৱতীৰ্ণ হোৱা বুলি যুক্তি দাঙি ধৰিছে।
গতিকে লেখকে কবৰৰ আজাব সন্দৰ্ভত কোনো আয়াত অৱতীৰ্ণ হোৱা নাই বোলা কথাষাৰ শুদ্ধ নহয়।
এজন লেখকে আকৌ প্ৰশ্ন কৰিছিল যে, কবৰৰ আজাব যদি সত্য হয়, তেন্তে বহুত জাতিয়েতো কবৰেই নিদিয়ে, পুৰি পেলায় বা পানীত পেলাই দিয়ে, তেওঁলোকৰ কবৰৰ শাস্তি বাৰু তেনেকুৱা হ'ব? ইয়াৰ উত্তৰ হ'ল যিটো গাঁতত আমি মৃত ব্যক্তিজনক পুতি থওঁ সেই গাঁতটোক সাধাৰণতে কবৰ বুলি কওঁ যদিও কোৰআন আৰু হাদীছত কবৰৰ যি শাস্তিৰ কথা উল্লেখিত হৈছে প্ৰকৃততে এই শান্তিৰ অৰ্থ হ'ল কবৰৰ জীৱন বা মৃত্যুৰ পাছৰ জীৱনৰ শাস্তি। ইছলামী বিশ্বাস মতে মানুহৰ তিনিখন জগত, জীৱন বা আলম থাকে।
১)আলমে দুনিয়া বা পাৰ্থিৱ জীৱন।
২)আলমে বৰজখ বা মৃত্যুৰ পাছৰ জীৱন আৰু কিয়ামতৰ পূৰ্বৰ জীৱন।

৩) আলমে আখীৰাত বা কিয়ামত আৰু তাৰ পৰৱৰ্তী জীৱন। কোৰআনত আহিছে "মানুহৰ মৃত্যু আহিলে কয়, মোক এৰি দিয়ক মই ভাল কৰ্ম কৰি আহিম। কেতিয়াও নহয় এইটো তাৰ কোৱা কথাহে আৰু তাৰ পাছত বৰজখৰ, জীৱন থাকে (পৃথিৱীৰ পৰা পৰ্দা থাকে) কিয়ামতৰ দিনলৈকে" । (চূৰা মু'মিনুন আয়াত নম্বৰ ১০০)
আহমেদ নামৰ লেখকগৰাকীয়ে চূৰা নাজিয়াৰ আয়াতত ফিৰিস্তা সকলে মানুহৰ ৰূহ কেৱল ইল্লিন  আৰু ছিজ্জিনলৈ লৈ যায় বুলি বন্ধনীৰ মাজত কৰা ব্যাখ্যা শুদ্ধ নহয়।
" জালালাইন" প্ৰমূখ্যে  ব্যাখ্যা গ্ৰন্থ সমূহত ফিৰিস্তাই ৰূহবোৰ বেহেস্ত বা দোজখলৈ লৈ যায় বুলিহে ব্যাখ্যা কৰিছে। (তফ্ছিৰ জালালাইন পৃঃ ৪৮৮)। ইল্লিন আৰু ছিজ্জিন কি এই সন্দৰ্ভত কোৰআনত স্পষ্টভাৱে উল্লেখ আছে - " নিশ্চয় পাপী বিলাকৰ আমল নামা ছিজ্জিনত আছে। জানানে ছিজ্জিন কি?
এখন লিখিত কিতাপ (চূৰা তাতফীফ আয়াত ৭,৮,৯) ।পুনৰ একেটা চূৰাতে কৈছে পূণ্যবান সকলৰ আমলনামা ইল্লিনত আছে। তোমালোকে জানানে ইল্লিন কি?
এখন লিখিত কিতাপ (তাখফীফ ১৬,১৭,১৮) কোৰআনত ইল্লিন আৰু ছিজ্জিন দুখন লিখিত কিতাপ বুলি কোৱা হৈছে। লেখকে কোৱাৰ দৰে ফিৰিস্তা সকলৰ তত্বাৱধানত ৰখা তলাবদ্ধ কুৱা নহয়।
মানুহৰ শৰীৰৰ পৰা ৰূহ ওলাই যোৱাৰ পাছত শৰীৰটো জ্বলাই দিলেওবা পানীত পেলাই দিলেও আল্লাহে ইয়াক একত্ৰিত কৰাত সক্ষম। এনেবোৰ প্ৰশ্নই ৰাচুল (দঃ)-ক সেই সময়ৰ বিধৰ্মীসকলেও কৰিছিল। পবিত্ৰ কোৰান পাকত সেই বিষয় সন্দৰ্ভত হজৰত ইব্ৰাহীম (আঃ) এ আল্লাহৰ প্ৰতি কৰা প্ৰশ্ন আৰু তাৰ উত্তৰৰ উল্লেখ কৰা হৈছে। এবাৰ হজৰত ইব্ৰাহীম (আঃ) এ আল্লাহ তায়ালাক ক'লে, 'হে মোৰ প্ৰতিপালক! আপুনি কিদৰে মৃতসকলক জীৱিত কৰিব মোক দেখুওৱাক। তেওঁ (আল্লাহে) ক'লে তোমাৰ বিশ্বাস হোৱা নাই নেকি? ইব্ৰাহীমে ক'লে নিশ্চয় হৈছে, তথাপিও ইয়াক প্ৰত্যক্ষ কৰি মোৰ মনটো শান্ত কৰিব বিচাৰো। ক'লে, চাৰিটা উৰন্ত পক্ষী ধৰি আনা আৰু সিহঁতক পোহ মনাই লোৱা তাৰ পাছত সিহঁতৰ দেহৰ প্ৰতিটো টুকুৰাৰ একোখনকৈ পাহাৰত থৈ আহা। তাৰ পাছত সিহঁতক মাত দিয়া সিহঁত তোমাৰ ওচৰলৈ দৌৰি আহিব।' জানি লোৱা আল্লাহ তাআলা সৰ্বশক্তিমান মহাজ্ঞানী। (ছুৰাঃ বাকাৰা, আয়াত ২৬০)

বুজা গ'ল মৃত্যুৰ পাছত জীৱৰ দেহ যি অৱস্থাতে নাথাকক কিয় ই পুৰি ছাই হৈ গ'লেও পানীত বুৰি গ'লেও আল্লাহে সেইবোৰ একত্ৰিত কৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাত ক্ষমতাবান। ইন্নাল্লাহা আলা কুল্লি শ্বাইইন কাদিৰ…মুছলমান হিচাপে অন্ততঃ আমি এইখিনি বিশ্বাস ৰখা দৰকাৰ।
    মৃত্যুৰ পাছত কবৰত আজাব হোৱাটো সত্য হক্ব। আয়াতৰ উপৰি চহীহ হাদীছসমূহত এই সন্দৰ্ভত স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে। আমি পুনৰ এই সন্দৰ্ভত এটি স্পষ্ট আয়াত সমৰ্থিত হাদীছ বৰ্ণনা কৰি সামৰিব বিচাৰিছো। 'আন্নাৰু য়ু'ৰাজুনা আলাইহা গ্বুদুৱৱাওঁ ৱা আশ্বিয়্যা' কবৰৰ আজাব সন্দৰ্ভত অৱতীৰ্ণ হৈছে। ইয়াৰ সমৰ্থনত ইমাম বুখাৰীয়ে হাদিছো বৰ্ণনা কৰিছে-- ইমাম বুখাৰীয়ে মৃত ব্যক্তিক তেওঁৰ পৰৱৰ্তী হ'বলগা ঠিকনা পুৱা আৰু গধূলি দেখুৱাই থকা বুলি ইমাম মালিক, নাফে আৰু তেওঁ ইবনে ওমৰৰ পৰা বৰ্ণনা কৰিছে যে ৰছুলুল্লাহ (ছঃ) এ কৈছে যেতিয়া তোমালোকৰ কোনোবা মৃত্যু হয় তেওঁৰ পৰৱৰ্তী হ'বলগা স্থানটোক তেওঁৰ আগত পুৱা আৰু গধূলি দাঙি ধৰা হয়। যদি তেওঁ জান্নাতবাসী হোৱাৰ উপযুক্ত হয় তেন্তে জান্নাত আৰু দোজখবাসী হয় তেন্তে দোজখক উপস্থাপন কৰি কোৱা হয়-- এয়া তোমাৰ ঠিকনা। কিয়ামতৰ দিনা পুনৰুত্থান  হোৱালৈকে তেওঁক এইদৰে দেখুৱাই থকা হয়। (বুখাৰী প্ৰথম খণ্ড পৃঃ ১৮৪)
     হুছেইন চাহাবে প্ৰশ্ন কৰিছে যে, তেওঁ যদি এহেজাৰ বছৰ আগতে মৃত্যু হয় আৰু আন এজন এহেজাৰ বছৰ পিছত মৃত্যু হয় তেন্তে দুয়োজনৰ শাস্তি কম বেছি কিয় হব? ইয়াৰ উত্তৰ কোৰআনতে দিয়া হৈছে যে কাৰো ওপৰত অনাহকত কোনো জুলুম কৰা নহয় (কোৰআন, ছুৰা নিচা আয়াত ৪০,চুৰা কহফ আয়াত ৪৯.) আল্লাহৰ এই বাণীত তেওঁৰ বিশ্বাস আছে নে নাই সেয়াহে বিচাৰ্যৰ বিষয়!

এতিয়া এজন পাপী ব্যক্তি যি জাহান্নামৰ উপযুক্ত হয় কৱৰত তেওঁৰ এই পৰিস্থিতিটো এক সহিব নোৱাৰা আজাব নহয় যদি কি? গতিকে কবৰৰ আজাব শ্বাশত সত্যতা কোৰান আৰু ছুন্নত সমূহৰ দ্ধাৰা প্ৰমাণিত। এয়া সকলো মুছলমানৰে এক অটল ধৰ্মীয় বিশ্বাস।
                                 
ফোন :৯৪৩৫২৬০৮৩৬

No comments:

Post a Comment