Thursday, June 18, 2020

Nurul Hoque fb post

Nurul Hoque fb post
Link:- https://m.facebook.com/story.php?story_fbid=936707586800189&id=100013828681082
.
#অসমৰ_এক_নব্য_ফিতনাৰ_নাম_হাদীছ_অস্বীকাৰকাৰী

    অসমত এক নৱতম ফিতনাৰ সূত্ৰপাত হয় বিগত ২০১৭ চনত । এই ভণ্ডামি ফিতনাৰ নাম হ'ল মুনকিৰীনে হাদীছ বা হাদীছ অস্বীকাৰকাৰী । 
    হাদীছ অস্বীকাৰকাৰীৰ মুখাবোৰ ২০১৯ চনলৈকে তেনেকৈ খোল খোৱা নাছিল । ২০২০ চনত ভালেখিনি খোল খাই পৰিছে ফেছবুকৰ মাধ্যমত । আগন্তুক সময়ত ছবিখন অধিক স্পষ্ট হৈ পৰিব । উল্লেখ্য যে এই হাদীছ অস্বীকাৰকাৰীসকলে বুখাৰী,মুছলিম,আবু দাউদ আদিৰ নাম শুনিলেই খঙত জপিয়াই উঠে । আনহাতে,কোনো হাদীছ অস্বীকাৰকাৰীয়ে যদি দিনত নামাজ তিনিবাৰ বুলি কৈছে,তেন্তে কোনো হাদীছ অস্বীকাৰকাৰীয়ে আকৌ দৈনিক দুবাৰ বুলি কৈছে । কোনোবাই আকৌ সমূলি হাদীছ অস্বীকাৰ কৰে । কোনোবাই আকৌ নিজৰ স্বাৰ্থৰ অনুকূলে থকা হাদীছহে মানে । তেওঁলোকৰ মতে আকৌ নামাজ দিনত পাঁচবাৰ ।
   এই হাদীছ অস্বীকাৰকাৰীৰ মতে কুৰআন মজীদতে আছে সকলো সমস্যাৰ সমাধান,সকলো প্ৰশ্নৰ উত্তৰ । কিন্তু যেতিয়া কুৰআন মজীদৰপৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচৰা হয়,তেতিয়া হাদীছ অস্বীকাৰকাৰীসকল মৌন হৈ থাকে,আবোল-তাবোল বকে বা নানান লম্ফজম্ফ কৰে ।
    পাশ্চাত্য চিন্তাধাৰাৰে পৰিচালিত,ইহুদি-খৃষ্টানৰ দৰ্শনৰ ফচল হ'ল এই মুনকিৰীনে হাদীছ ।  ইহুদি-খৃষ্টানৰ মূল উদ্দেশ্য হ'ল আল্লাহৰ ৰছূল মুহাম্মাদ চল্লল্লাহু আলাইহি ৱা চাল্লামৰ প্ৰতি থকা আন্তৰিক মহব্বত,বুখাৰী,মুছলিম আদিৰ প্ৰতি থকা আন্তৰিকতা মুছলিমৰ হৃদয়ৰপৰা হ্ৰাস কৰা বা নাইকিয়া কৰি পেলোৱা । এয়া সম্ভৱ হ'লে মুছলিমসকলৰ কুৰআনৰ প্ৰতি শ্ৰদ্ধা আপোনা আপুনি নোহোৱা হৈ যাব আৰু নাস্তিকতাবাদৰ প্ৰতি আকৰ্ষিত হ'ব । তেওঁলোকৰ নাপাক কুট-কৌশল সাফল্যমণ্ডিত কৰিবলৈ অৰ্থাৎ মুছলিমৰ অস্ত্ৰৰেই মুছলিমক পৰাস্ত কৰাৰ বাবে,দিকভ্ৰান্ত কৰিবলৈ তেওঁলোকে কৌশলগতভাবে বাচি লৈছে কুৰআন মজীদক ।  কুৰআনৰ আয়াতৰ উধৃতি দি বা কুৰআনৰ আয়াতৰ কপোলকল্পিত ব্যাখ্যা কৰি বা তাৰ মায়াজালত পেলাই মুছলিমসকলক পথভ্ৰষ্ট,দিকভ্ৰান্ত কৰাটো ইহুদি-খৃষ্টানবাদী চক্ৰটোৰ বহু পুৰণি নাপাক কৌশল । সেই নাপাক ষড়যন্ত্ৰ আৰু কৌশলৰ বলি হৈছে ইছলাম ধৰ্ম সন্দৰ্ভত গভীৰ শ্ৰদ্ধা-জ্ঞান নথকা অসমৰ নামধাৰী,সুবিধাবাদী,আত্মবিশ্বাসহীন একাংশ মুছলিম । তেওঁলোকৰ নাপাক নেটৱৰ্ক পাকিস্তানৰপৰা ঘানালৈ,বাংলাদেশৰপৰা আমেৰিকা আদি দেশ পৰ্যন্ত সক্ৰিয় ।
    হাদীছ অস্বীকাৰকাৰী এই ফিতনা এক ভয়ংকৰ ফিতনা । এই ফিতনাৰপৰা নিজকে বচাই ৰখাটো ঈমানদাৰ মুছলিমৰ কৰ্তব্য ।
...
See comment as above link given.

No comments:

Post a Comment