Tuesday, April 7, 2020

Azan for hajj not salat -raf

🔴ছালাতৰ বাবে "আজান" এনেকোনো আয়াত পবিত্র কোৰআনত নাইঃ


.


তলৰ আয়াত দুটাত(62:9,5:58) আজানৰ কথা ক'ত আছে? তাত আছে  ‘নিদাউ’ শব্দ।


٩:٦٢


يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ💉 لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ فَاسْعَوْا إِلَىٰ ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ

৬২:৯

হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।

.

٥٨:٥

وَإِذَا نَادَيْتُمْ💉 إِلَى الصَّلَاةِ اتَّخَذُوهَا هُزُوًا وَلَعِبًا ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْقِلُونَ

৫:৫৮

আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এই বাবে যে, সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।

⬇️⬇️⬇️

মানুহক যেতিয়া কা'বাত সেজদাৰ পিনে তথা ছালাতৰ ফালে মাতা হয় তেতিয়া ইবলিছৰ অনুসাৰীবোৰে হাহি তামাছা কৰে (৫ঃ৫৮)। সম্মিলনৰ দিনা যেতিয়া তোমালোকক ছালাতৰ বাবে মাতা হয় (৬২ঃ৯) এই আয়াতত ‘নিদাউ’ শব্দ আহিছে যাৰ অর্থ মাতা বা সম্ভোধন কৰা (আৰবি অভিধান পৃ. ২৩৮৯)। ইয়াত উল্লেখ্যযে, আজান আৰু ‘নিদাউ’ উভয়েই আৰবী শব্দ। হজ্বৰ ক্ষেত্রত আজান শব্দ আহিছে আৰু ছালাতৰ ক্ষেত্রত ‘নিদাউ’ শব্দ আহিছে। ইয়াত দুটা আয়াত আৰু দুটা শব্দ। দুয়োতা আয়াতৰ উদ্ধেশ্যও দুটা। এতিয়া যদি কোনোৱে ‘নিদাউ’ শব্দদি আজানৰ অর্থ কৰে তেতিয়া ‘নিদাউ’ শব্দৰ আয়াতৰ উদ্দেশ্য ব্যর্থ হ'ব। আৰু আয়াতৰ উদ্দেশ্য ব্যর্থ কৰা নাযাব (✔️২২ঃ৫১)। গতিকেই ‘নিদাউ’ শব্দক আজানৰ বাবে ব্যবহাৰ কৰিব নোৱাৰিব। 

٥١:٢٢

وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ

✔️২২:৫১

আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰা চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।

🌶️🌶️🌶️🌶️🌶️🌶️🌶️🌶️🌶️🌶️🌶️🌶️

🔵আজান শব্দ আহিছে হজৰ সময়তঃ

.

দিনে পাচবাৰ মছজিদত ছালতৰ সময়ত আজান দিব লাগিব, এনে কোনো আয়াত পবিত্র কোৰআনত নাইঃ

⬇️⬇️⬇️

٢٧:٢٢

وَأَذِّنْ📌 فِي النَّاسِ بِالْحَجِّ يَأْتُوكَ رِجَالًا وَعَلَىٰ كُلِّ ضَامِرٍ يَأْتِينَ مِنْ كُلِّ فَجٍّ عَمِيقٍ

২২:২৭

‘আৰু মানুহৰ মাজত হজ্জৰ বাবে 📌ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰত আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;

,

٣:٩

وَأَذَانٌ📌 مِنَ اللَّهِ وَرَسُولِهِ إِلَى النَّاسِ يَوْمَ الْحَجِّ الْأَكْبَرِ أَنَّ اللَّهَ بَرِيءٌ مِنَ الْمُشْرِكِينَ ۙ وَرَسُولُهُ ۚ فَإِنْ تُبْتُمْ فَهُوَ خَيْرٌ لَكُمْ ۖ وَإِنْ تَوَلَّيْتُمْ فَاعْلَمُوا أَنَّكُمْ غَيْرُ مُعْجِزِي اللَّهِ ۗ وَبَشِّرِ الَّذِينَ كَفَرُوا بِعَذَابٍ أَلِيمٍ

৯:৩

আৰু মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা 📌ঘোষণা যে, নিশ্চয় আল্লাহ মুশ্বৰিকসকলৰ বিষয়ে দায়মুক্ত আৰু তেওঁৰ ৰাছুলো। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।

.

🔥Warning:-

💉💉💉💉

⬇️⬇️⬇️⬇️

٢١:٤٢

أَمْ لَهُمْ شُرَكَاءُ شَرَعُوا لَهُمْ مِنَ الدِّينِ مَا لَمْ يَأْذَنْ بِهِ اللَّهُ ۚ وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِيَ بَيْنَهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ

৪২:২১

অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

.

🥀comp.pred🥀syedraf🥀

No comments:

Post a Comment